July 19, 2026 12:32 PM | pijush gowel

printer

কেন্দ্রীয় মন্ত্রী পীযূষ গোৱলৰ ভাৰত আৰু ইষ্ট’নিয়াৰ মাজত বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেল তেওঁৰ আনুষ্ঠানিক ইষ্টনিয়া ভ্রমণসূচীৰ সময়ত টালিনত ভাৰত-ইষ্ট’নিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহ্বান জনায়। এই মঞ্চত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু ব্যৱসায়িক প্রতিনিধি দলসমূহক একত্ৰিত কৰি দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ নতুন পথ অন্বেষণ কৰা হয়।

ইষ্ট’নিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মার্গাছ ছাহক্সাই আদৰণি ভাষণেৰে এই মঞ্চৰ শুভাৰম্ভণি কৰে আৰু শ্রীগোবেল উদ্বোধনী ভাষণ দিয়ে।

তেওঁৰ ভাষণত মন্ত্ৰীগৰাকীয়ে বিগত দুটা দশকত ভাৰতৰ উল্লেখযোগ্য অর্থনৈতিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বিশ্বৰ দ্রুতগতিত বৃদ্ধি পোৱা প্ৰধান অর্থনীতি হিচাপে ভাৰতৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।