প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ চনৰ কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলি প্ৰকাশ কৰিছে। বাজেট সম্পৰ্কত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিকাশৰ যাত্ৰাৰ বাবে এইবাৰৰ বাজেটক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও অভিহিত কৰিছে। তেওঁ কয়, যে এই বাজেট প্ৰতিগৰাকী ভাৰতীয়ৰ সপোন পূৰণ কৰিছে। তেওঁ লগতে এই বাটেজে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।
Assamese | February 1, 2025 7:42 PM | PM Budget Reaction
কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিছে : প্রধানমন্ত্ৰী