কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইণ্ডোৰৰ পৰা মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ মোহন য়াদবো অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰসংগত শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে নতুন শিক্ষানীতিয়ে সমাগত ২৫ বছৰত ভাৰতীয় শিক্ষাৰ্থীসকলক গোলকীয়ভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু কৰি তোলাৰ লগতে তেওঁলোকক আমাৰ ঐশ্বর্যশালী সাংস্কৃতিক ঐতিহ্য তথা ভাষাৰ সংপৃক্ত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মধ্যপ্ৰদেশৰ ৫৫খন জিলাত প্রধানমন্ত্রী উৎকৰ্ষতা মহাবিদ্যলায় স্থাপনৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকললৈ উত্তম আৰু উচ্চ মানসম্পন্ন শিক্ষা আগবঢ়োৱা। শ্রী শ্বাহে নতুন শিক্ষানীতি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে তথা হিন্দী ভাষাত চিকিৎসা আৰু আভিযান্ত্ৰিক শিক্ষাৰ ব্যৱস্থা কৰাৰ জৰিয়তে আর্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ শিশুসকলক উপকৃত কৰাৰ বাবে মধ্যপ্ৰদেশক প্ৰশংসা কৰে ৷
Assamese | July 14, 2024 8:39 PM | Amit Shah at Indore
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি