প্ৰতিগৰাকী প্রকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰবাবে কৃষকৰ পঞ্জীয়ন প্রক্রিয়াটো অধিক ক্ষিপ্র কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেবাশীষ শর্মাই সংশ্লিষ্ট পক্ষক নির্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শর্মাই প্রকৃত কৃষকসকল যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়তো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ানো লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শর্মা, পল্লবী গগৈ, ৰাজহ চক্র বিষয়া, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে।
Assamese | July 15, 2026 8:09 PM | Farmer Registration
কৃষকৰ পঞ্জীয়ন প্রক্রিয়া অধিক ক্ষিপ্র কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ নির্দেশ