কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত আয়োজিত প্রথমখন ৰাষ্ট্রীয় সম্মিলনত তেওঁ এই কথা প্রকাশ কৰে। সন্মিলনৰ সামৰণি ভাষণত শক্তিমন্ত্ৰীগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা তথা যান্ত্রিক শিকণভিত্তিক ব্যৱস্থাসমূহে গ্রাহকসকলৰ অভিজ্ঞতা তথা ব্যৱস্থাটোৰ কাৰ্য ক্ষমতা ত্বৰান্বিত কৰে। তেওঁ এটা গ্রাহক কেন্দ্রীক, নিৰ্ভৰযোগ্য বিতৰণ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সকলো পক্ষক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়।
Assamese | December 7, 2025 8:02 PM | AI | Monohar Lal | Power ministry
কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ