কৃত্রিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। হায়দাবাদত অনুষ্ঠিত ব্ৰিকছ ফ’ৰামত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই এইদৰে উল্লেখ কৰে। ড০ মাণ্ডাভিয়াই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি দক্ষ ভাৰত অভিযানৰ অধীনৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু ৰ’বটিক্স প্রযুক্তিয়ে সমগ্র দেশতে বৃহৎ পৰিৱৰ্তন সাধন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ সকলোকে শেহতীয়া প্রযুক্তি দায়বদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি শ্ৰমিকসকলক নিজৰ দক্ষতা উন্নীত কৰি চাকৰি হেৰুওৱাৰ ভয় দূৰ কৰিবলৈ আহ্বান জনায়। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উন্নয়নত শ্ৰমিকৰ অমূল্য ভূমিকাৰ কথা স্বীকাৰ কৰি উদ্যোগ আৰু ট্রেড ইউনিয়নৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহ্বান জনায়। ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰযুক্তিগত উন্নতি লগত খোজ মিলাবলৈ মন্ত্ৰীগৰাকীয়ে দক্ষ ভাৰত অভিযানৰ জৰিয়তে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলক প্ৰত্যক্ষভাৱে সামাজিক সুৰক্ষাৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ মুকলি কৰা ই-শ্ৰম পোৰ্টেলৰ সফলতাৰ কথা উল্লেখ কৰে।
Assamese | July 14, 2026 8:20 PM
কৃত্রিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি ড০ মনসুখ মাণ্ডাভিয়াৰ প্ৰকাশ