কুখ্যাত অপৰাধী অনমোল বিষ্ণইক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পনৰ পাছত আজি ভাৰতলৈ ঘূৰাই অনা হয়। গেংষ্টাৰ লৰেঞ্চ বিষ্ণুইৰ ভাতৃ আৰু ঘনিষ্ঠ সহযোগী অনমোল বিষ্ণই ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে আমেৰিকাত বাস কৰা বিষ্ণই ২০২২ চনৰ পৰা পলাতক অৱস্থাত আছিল। সম্প্ৰতি কাৰাবন্দী হৈ থকা ভাতৃ লৰেঞ্চ বিষ্ণুই নেতৃত্বাধীন সন্ত্ৰাসবাদী চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত অনমোলকে ধৰি বৰ্তমানলৈকে ১৯জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সংস্থাই ২০২৩ চনৰ মাৰ্চত অপৰাধীজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে বিষ্ণুই চক্ৰৰ বিভিন্ন সহযোগীৰ সৈতে অনমোলে আমেৰিকাৰ পৰাই লঞ্চে বিষ্ণই গোটৰ হৈ সন্ত্ৰাসবাদী চিণ্ডিকেট আৰু গতিবিধি চলাই আছিল।
Assamese | November 19, 2025 9:55 PM | anmol arrest
কুখ্যাত অপৰাধী অনমোল বিষ্ণইক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পনৰ পাছত ভাৰতলৈ ঘূৰাই অনা হয়