প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, পাকিস্তানে নতুন দিল্লীৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক বজাই ৰখা হ’লে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ইছলামাবাদে বিছৰাতকৈও বৃহৎ আর্থিক সাহায্য প্রদান কৰিলেহেঁতেন। কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ বিধানসভা সমষ্টিত আয়োজিত এটা নিৰ্বাচন ৰেলীত অংশগ্রহণ কৰি শ্রীসিঙে ২০১৪-১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ বাবে আগবঢ়োৱা উন্নয়নমূলক আর্থিক সাহায্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা প্ৰতিশ্ৰুতিসমূহ দোহাৰে। নিৰ্বাচনত বিজেপি প্রার্থী ফকীৰ মহম্মদ খান জয়ী হ’লে গুৰ্জেৰ পৰা অধিক সংখ্যক লোকক ভাৰতীয় সেনা বাহিনীত মকৰল কৰা হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁ আশ্বাস দিয়ে।
Assamese | September 30, 2024 12:09 PM | Defence Minister
কাশ্মীৰৰ গুৰেজ বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰেলীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্রহণ