কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লী পাবহি। তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্রী ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত বহিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ছ গোৱেলকো কাইলৈ তেওঁ সাক্ষাৎ কৰিব। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধিত আলোকপাত কৰা হ’ব। শ্রীমতী আনন্দ মুম্বাইলৈও যাব আৰু তাত তেওঁ দুয়োখন দেশত বিনিয়োগ, কর্মসংস্থাপন সৃষ্টি আৰু অর্থনৈতিক সুবিধা সন্দৰ্ভত দেশ দুখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মুৰববীসকলৰ সৈতে মত বিনিময় কৰিব।
Assamese | October 12, 2025 8:32 PM | Canada Foreign Minister Anita Anand
কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দৰ তিনিদিনীয়া ভাৰত ভ্রমণসূচী