ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ আৰু দুয়োখন ৰাষ্ট্ৰই গণতন্ত্ৰ তথা মানৱতা শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিব লাগিব। কানাডাৰ কানানাস্কিছত জি-চেভেন সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱানিশা দেশখনৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কানাডাৰ বহু কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰাৰ দৰে ভাৰতৰো বহু কোম্পানীয়ে কানাডাত বিনিয়োগ কৰিছে। বৈঠকৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰত আৰু কানাডা গণতন্ত্র, স্বাধীনতা আৰু আইনৰ শাসন সম্পৰ্কীয় শক্তিশালী বিশ্বাসৰ জৰিয়তে সংযোজিত হৈ আছে। তেওঁ উল্লেখ কৰে যে বাণিজ্য, শক্তি, মহাকাশ, স্বচ্ছ শক্তি, খনিজ আৰু ৰাসায়নিক সাৰৰ দৰে খণ্ডই দ্বিপাক্ষিক সহযোগিতাৰ অপাৰ সম্ভাৱনীয়তা বহন কৰে। কানাডাৰ প্ৰধানমন্ত্রী কার্নিয়ে কয়, যে জি-চেভেন সন্মিলনত ভাৰতৰ নিয়মীয়া অংশগ্রহণে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বক প্ৰতিফলিত কৰে।
শ্ৰীমোদীয়ে এই সন্মিলনৰ সুযোগতে জার্মানী, ফ্রান্স, মেক্সিকো আৰু দক্ষিণ কোৰিয়াৰ নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদী আৰু জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰত-জার্মানী দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনাত বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, সেউজ বহনক্ষম উন্নয়ন অংশীদাৰিত্ব, সেউজ শক্তি, প্রযুক্তি, উদ্ভাৱণ, শিক্ষা আদি বিষয়ে স্থান পায়। শ্রীমোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি শক্তিশালী সমৰ্থন আগবঢ়োৱাৰ বাবে চেঞ্চেলৰ মাৰ্জক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া চেইনবম পাৰ্ডোৰ সৈতে ও বৈঠকত মিলিত হয়। ভাৰত আৰু মেক্সিকোৰ মাজৰ মিত্ৰতাৰ সম্পৰ্কত আলোকপাত কৰি দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, ষ্টার্ট আপ, উদ্ভাৱণ, বিজ্ঞান আৰু প্ৰযুক্তি, অট’মোটিভ খণ্ড আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক প্ৰসাৰৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দুয়োখন দেশে ছেমি কণ্ডাক্টৰ, কৃত্রিম বুদ্ধিমত্তা, কোৱান্টাম আদি খণ্ডত সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিয়ুঙৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বিভিন্ন খণ্ডত সহযোগিতাৰ নতুন নতুন দিশ অন্বেষণৰ জৰিয়তে বিশেষ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। জি-চেভেন সন্মিলনত অংশগ্ৰহণৰ মাজতে শ্রীমোদীয়ে লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র, ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইচিবা, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোচা, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজ, ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলনি আৰু ব্ৰাজিলৰ প্রধানমন্ত্রী লুই ইনাচিঅ’ লুলা দ্য চিলভাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে যোৱানিশা কানানাস্কিছত জি-চেভেন সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ পৰিৱৰ্তিত বিশ্বত শক্তি সুৰক্ষা, প্রযুক্তি, আন্তঃগাঁথনি আৰু বিনিয়োগ বিষয়ক আলোচনাত অংশ লয়। এয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ জি-চেভেন সন্মিলনত একেৰাহে ষষ্ঠবাৰৰ বাবে অংশগ্রহণ।
Assamese | June 18, 2025 12:28 PM | India-Canada
কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক