মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত প্ৰতিষ্ঠাকালৰে পৰাই পাৰম্পৰিকভাৱে পালন কৰি অহা পালনাম মহোৎসৱৰ বাবে প্ৰস্তুতি চলি আছে। প্ৰতি বছৰে কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন কৰা হয় যদিও চলিত বৰ্ষত আজিৰে পৰা অৰ্থাৎ ২৪ কাতিৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ উদ্দেশ্যে ভকত বৈষ্ণৱক আদৰিবলৈ সত্ৰখনৰ বৈষ্ণৱসকলৰ বহা আৰু চৌপাশ আটকধুনীয়াকৈ সজাই তোলা হৈছে।
Assamese | November 10, 2024 6:54 PM | Majuli Pal Nam
কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন