কাটাৰত অনুষ্ঠিত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱসত এহেজাৰতকৈ অধিক আগ্ৰহী লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কাৰ্টাৰত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল তথা যোগাভ্যাসৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ কল্যাণ তথা একতা প্রতিফলিত হয়। ভাৰতীয় ক্রীড়া কেন্দ্ৰৰ সহযোগত ভাৰতীয় দূতাবাসে লোহাৰ আইডিল ইণ্ডিয়ান স্কুলত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিশুসকলৰ যোগাভ্যাস, যোগ সম্পৰ্কীয় কুইজকে ধৰি যোগাভ্যাস সন্দৰ্ভত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে যোগাভ্যাসৰ বৰ্ধিত গোলকীয় জনপ্রিয়তা প্রতিফলিত হোৱাৰ লগতে সাংস্কৃতিক, শাৰিৰীক তথা মানসিক সমন্বয় ত্বৰান্বিত কৰাত যোগাভ্যাসৰ ভূমিকাও উজলি উঠে।
Assamese | June 22, 2025 8:03 PM | Qatar Yoga
কাটাৰত আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ১০০০কৈ অধিক আগ্ৰহী লোকৰ অংশগ্ৰহণ