দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহঁৰাত পৰ্যটন বিভাগৰ উদ্যোগত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।
ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।