কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ নামনিৰ চাহ বাগিচাত আতংকৰ সৃষ্টি কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাঘে আজি দিন-দুপৰতে এটা গৰু আক্ৰমণ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বাঘে গৰু নিধন কৰা ঠাই পৰিদৰ্শন কৰি জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনায়। জিলা প্রশাসনে বাঘে যাতে গাঁওবাসীৰ কোনো ক্ষতি কৰিব নোৱাৰে, তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। ইপিনে, চাহ বাগিচাৰ কৰ্মচাৰীসকলে যাতে নিশ্চিন্তভাৱে কাম কৰিব পাৰে, তাৰপ্ৰতি লক্ষ্য ৰাখি বন সুৰক্ষাকৰ্মীসকলেও কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে।
Assamese | June 10, 2026 7:36 PM | kaziranga national parkk
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘৰ আতংকৰ সৃষ্টি