কাজিৰঙাক দেশৰ জৈৱ বৈচিত্ৰ্যৰ অমূল্য ৰত্ন বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙা কেৱল মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান নহয়, কাজিৰঙা অসমৰ আত্মা। কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ সভাত বৃহৎ সংখ্যক লোক সমবেত হোৱা বুলি উল্লেখ কৰি ভাষণত প্রধানমন্ত্ৰী শ্রীমোদীৰ শলাগ লয়। ৰাজ্যখনৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু কামাখ্যাৰ পৰা ৰ’হটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো আজি ভার্চুৱেল ব্যৱস্থাৰে শুভাৰম্ভণি কৰে। এই নতুন ৰে’ল সেৱাই উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰে’ল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমক ৰে’ল বাজেটত ১০ হাজাৰ কোটি টকা দিয়া বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | January 18, 2026 7:25 PM | 35 km Elevated Corridor across Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা