কাছাৰ জিলাৰ উধাৰবন্ধৰ পানগ্রামত অৱস্থিত এটা ক্ষুদ্র উদ্যোগত এল পি জি চিলিণ্ডাৰ বিস্ফোৰণত ৪ জন শ্ৰমিকৰ মৃত্যু

কাছাৰ জিলাৰ উধাৰবন্ধ বিধান সভা সমষ্টিৰ অন্তৰ্গত পানগ্রামত অৱস্থিত এটা ক্ষুদ্র উদ্যোগত আজি এল পি জি চিলিণ্ডাৰ বিস্ফোৰণ হৈ ৪ জন শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হয়। এই দুর্ঘটনাত আন কেইবাজনো শ্রমিক গুৰুতৰভাৱে আহত হয়।

আহত শ্রমিকসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। শীর্ষ আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ গুৰি ধৰে।

ৰাজ্যৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী কৌশিক ৰায়ে ঘটনাৰ বুজ লৈ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়ে।

বিস্ফোৰণৰ সম্ভাব্য উৎসৰ তদন্ত চলি আছে বুলি অৱগত কৰি শ্ৰীৰায়ে মৃত শ্রমিকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰে।