September 17, 2026 7:16 PM | Governor in Barak

printer

কাছাৰৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্রহণ

দুদিনীয়া ভ্রমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দর্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিবেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্রব্য মুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্রয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।