April 25, 2024 5:22 PM | 2nd phase election

printer

কাইলৈ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত অউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব।