ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব। খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হ’ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল অনুষ্ঠিত হ’ব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা ২২ৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
ইপিনে, ভাৰত-এ আৰু দক্ষিণ আফ্রিকা-এ দলৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্রিকাই ভাৰতক জয়ৰ বাবে ২৮৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।
Assamese | November 13, 2025 8:17 PM | Test cricket
কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল