May 31, 2025 8:21 PM | Sunday on Cycle

printer

কাইলৈ ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ

ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ ২৫ সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ ত্ৰিৰংগ ৰেলী হিচাপে পালন কৰা হ’ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰীয় ৰাজধানীত এই বিশেষ কার্যসূচীত নেতৃত্ব দিব। অলিম্পিক পদক বিজেতা যোগেশ্বৰ দত্ত, আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু সৰিতা মোৰ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ আৰু নিৰ্বাচক সবা কৰিম, বলিউডৰ অভিনেতা শৰীকে ধৰি ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ কেইবাগৰাকীও গন্যমান্য ব্যক্তিয়ে এই কাৰ্যসূচীত ভাগ ল’ব।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রালয়ে এটা বিবৃতি যোগে কৈছে যে, ৩ জুনত পালন কৰিবলগীয়া বিশ্ব বাইচাইকেল দিৱসৰ লগতে কাইলৈ হ’বলগীয়া এই কাৰ্যসূচীয়ে, স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেই বার্তা বহন কৰাই নহয়, সশস্ত্র বাহিনীৰ প্ৰতিও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। মন্ত্ৰালয়ে লগতে কৈছে যে, কাইলৈ হ’বলগীয়া এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় ৰাজধানীত এহেজাৰ ২০০তকৈও অধিক চাইকেল আৰোহী অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ দেশৰ দুহেজাৰতকৈও অধিক স্থানত কাইলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মন্ত্ৰ্যালয়ে জনোৱা মতে তিনি লাখতকৈও অধিক নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈছে। টেনিছ তাৰকা ছানিয়া মির্জা, অভিনেতা মিলন সুমনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে।