শিক্ষা মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰ প্ৰেক্ষাগৃহত অখিল ভাৰতীয় শিক্ষা সমাগম, ২০২৪ সৈতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সফল ৰূপায়ণৰ বাবে অংশীদাৰসকলৰ দায়বদ্ধতাক পুনৰ সজীব কৰি তোলাৰ বাবে অখিল ভাৰতীয় শিক্ষা সমাজৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। এই উপলক্ষে কেন্দ্রীয় শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ লোৱা অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিব। লগতে বিভিন্ন ভাৰতীয় ভাষা শিক্ষণৰ সুবিধাৰ বাবে শিক্ষা বিভাগৰ উপৰি নিৰ্ধাৰিত টেলিভিছন চেনেলসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ উদ্বোধন কৰে। লগতে আন আন পদক্ষেপসমূহৰ ভিতৰত শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াক আনন্দ তথা মানসিক চাপমুক্ত অভিজ্ঞতা লৈ ৰূপান্তৰিত কৰাৰ লক্ষক গুৰুত্ব দিয়া হৈছে।
Assamese | July 28, 2024 7:49 PM | NEP 2020
কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন