June 30, 2024 5:58 PM | New Criminal Laws

printer

কাইলৈৰ পৰা প্ৰযোজ্য হ’ব তিনিখন নতুন ফৌজদাৰী আইন

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ কাইলৈৰ পৰা প্ৰযোজ্য হ’ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা অন্যতম । ইয়াৰ উপৰি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ নিজৰ স্থিতিৰ বিষয়ে পচন্দ্ৰ ব্যক্তিক জনোৱাৰ অধিকাৰ থাকিব । নতুন আইন তিনিখনত লগতে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তদন্তত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । এনে ধৰণৰ গোচৰ এজাহাৰ ৰুজু হোৱাৰ দুমাহৰ ভিতৰত সমাধান কৰিব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।