ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা নতুন দিল্লীত ৬ দিনীয়া ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচী অহা ১৬ নৱেম্বৰত অন্ত পৰিব। এই কাৰ্যসূচীত মালদ্বীপ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ সৈতে মুঠ ৮ খন দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰিব। আয়োগে কয়, যে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বিভিন্ন ক্ষেত্ৰত মানৱ অধিকাৰৰ প্ৰসাৰ বৃদ্ধি কৰা তথা সংৰক্ষণ আৰু শক্তিশালী কৰা। আয়োগে লগতে কয় যে এই কাৰ্যসূচীয়ে মানৱ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ সৈতে জড়িত উত্তম পদ্ধতি, অভিজ্ঞতা আৰু ধাৰণাসমূহ ভাগবাটোৱাৰা কৰাৰ বাবে এখন মঞ্চ আগবঢ়াব ।
Assamese | November 10, 2024 8:01 PM | India | National Human Rights Commissions
কাইলৈৰ পৰা নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ