আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ভাবনামৃত সংঘ ইস্কন গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ কাইলৈৰ পৰা ১৫ জুলাইলৈ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এই যাত্ৰা জি এছ ৰোড, গণেশগুৰি, লাষ্টগেট, ছার্ভে, বেলতলা তিনিআলি, বশিষ্ঠ চাৰিআলি, ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ ৰোড আৰু ত্ৰিপুৰা ৰোডেৰে গৈ জয়ানগৰৰ জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব। এই ৰথযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য কান্ত হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।
Assamese | July 6, 2024 1:06 PM | Guwahati Rath Yatra
কাইলৈৰ পৰা গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ