অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্রান্তত বর্ণাঢ্য কার্যসূচীৰে আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্রলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদর্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্রাণিত কৰি আহিছে।
ৰাজ্যৰ বিভিন্ন ঠাইত ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রী শ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ’ব। এই অনুষ্ঠানতে ২০২৬ বর্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ২০২৫ বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰীৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ ছামচুদ্দিন আহমেদলৈ ২০২৫ বর্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্রশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ ২০২৬ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ’ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক ৩ লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক ২ লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ’ব।
এই অনুষ্ঠানত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নির্দিষ্ট বক্তা হিচাপে লেখক, গবেষক ড° অনিল শইকীয়া উপস্থিত থাকিব।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলীত উদযাপন কৰা হৈছে।
ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰিৰ গুৱাহাটী আর্টিষ্ট গীল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে।
সমগ্র শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰে’লৱে হাইস্কুলত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্র শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্রতিযোগিতা অনুষ্ঠিত হ’ব। খণ্ড পর্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্রতিযোগিতাত অংশ ল’ব।
অসম সাহিত্য সভা আৰু শ্রীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্রীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ’ব।