দেশজুৰি আলোড়ন সৃষ্টি কৰা কলকাতাৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে মনস্তাত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চিবিআইয়ে সঞ্জয় ৰয়ক ইতিপূর্বে জিম্মাত লৈছে। ইপিনে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক কালি চি বি আইয়ে একেৰাহে দ্বিতীয় দিনৰ বাবে কেইবাঘণ্টা ধৰি জেৰা কৰে। চিবিআইয়ে পুনৰ জেৰা কৰাৰ বাবে তেওঁলৈ চমন জাৰি কৰিছে। ইপিনে, ৰাজ্যত অসম গণ পৰিষদৰ মহিলা মৰ্চাই আজি এই ঘটনাৰ প্ৰতিবাদত কাৰ্যসূচী গ্ৰহণ কৰে।
Assamese | August 18, 2024 7:32 PM | Kolkata doctor’s murder case
কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ চিবিআইৰ মনস্তাত্বিক পৰীক্ষা