গ্লাছগত অনুষ্ঠিত কমনৱেল্থ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰবেশ কৰিছে। ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ টি-৪৭ ফাইনেলত কালি নিশা দিলীপ মাহাড়ু গভিটে সোণ আৰু মহম্মদ বাছিল মৰ্ছিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতা বৰ্তমানলৈকে ৩টা সোণ, ৯টা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ ১৫টা পদক লাভ কৰিছে।
Assamese | July 30, 2026 8:06 PM | commonwealth-games
কমনৱেল্থ গেমছ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ ফাইনেলত প্ৰবেশ