July 31, 2026 12:07 PM | commonwealth-games

printer

কমনৱেল্থ গেমছত লাভলীনা বৰগোঁহাই ছেমি ফাইনেলত অৱতীৰ্ণ

স্কটলেণ্ডৰ গ্লাছগত চলি থকা কমনৱেল্থ গেমছত আজি অসম কন্যা লাভলীনা বৰগোঁহাইয়ে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকি তাৰনা খানুম বাড়িৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে চলিত কমনৱেল্থ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথ্ৰ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্রীড়াবিদ। ইফালে, লাভলীনাকে ধৰি ভাৰতৰ ১০গৰাকী বক্সাৰে আজি ছেমি ফাইনেল খেলিব। উল্লেখযোগ্য যে, ভাৰতে এতিয়ালৈকে তিনিটা সোণসহ ১৭টা পদক জয় কৰিছে।