কমনৱেল্ল্থ গেমছত ভাৰতৰ লভপ্রীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ ১১০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক আৰু সীমা কলিমনাই মহিলাৰ ডিচকাছ থ্ৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অষ্ট্ৰেলিয়া সম্প্ৰতি ১১০টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। ভাৰত তিনিটা সোণ, ১০টা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ১৭টা পদকেৰে তালিকাৰ দশম স্থানত আছে। লভপ্রীত সিঙে স্লেটচ শিতানত নতুন অভিলেখ গঢ়ে আৰু সামান্য ব্যৱধানৰ বাবে সোণৰ পদকৰ পৰা বঞ্চিত হয়। খেলুৱৈগৰাকীয়ে মেটচ শিতানত ১৭৬ আৰু ক্লিন এণ্ড জার্ক শিতানত ২১২ কিলোগ্রামসহ মুঠ ৩৮৮ কিলোগ্রাম ভাৰ উত্তোলন কৰে । নিউজিলেণ্ডৰ ডেভিড লিটিয়ে ৩৮৯ কিলোগ্রাম ভাৰ উত্তোলন কৰি সোণৰ পদক অৰ্জন কৰে।
মহিলাৰ ডিচকাছ থ্ৰ’ত সীমা কলিৰামনাই ৫৮ দশমিক ৬-৫ মিটাৰলৈ ডিচকাছ দলিয়াই ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰতৰে আন এগৰাকী খেলুৱৈ নিধি ৰাণীয়ে এই শিতানত চতুৰ্থ স্থান লাভ কৰে। ইয়াৰ পূৰ্বে নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ’ৰ ফাইনেলত প্রবেশ কৰে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰবেশ কৰিছে।