প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে দেশৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত কবিগুৰুৱে আগবঢ়োৱা অৱদান অতি উল্লেখনীয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিসমূহে মানৱতাবাদৰ গুৰুত্ব আৰোপ কৰাৰ লগতে জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ ভাৱো জাগ্ৰত কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বিশেষকৈ শান্তিনিকেতনৰ জৰিয়তে শিক্ষা আৰু শিক্ষণৰ ক্ষেত্ৰত কবিগুৰুৱে আগবঢ়োৱা অৱদান সদায়েই প্ৰেৰণাৰ উৎস।
Assamese | May 9, 2025 8:21 PM | Rabindranath Tagore Anniversary
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্রদ্ধাঞ্জলি