কালি দেহাৱসান ঘটা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য তিনিচুকীয়াৰ শদিয়াৰ ওপজা গাঁও টোপচিঙাত আজি সম্পন্ন হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অলেখ গুণমুগ্ধই অংশগ্ৰহণ কৰে। প্রয়াত শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ কথা প্ৰকাশ কৰিছে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে শিল্পীগৰাকীৰ পুত্ৰক দশম শ্ৰেণীলৈকে পঢ়োৱাৰ দায়িত্ব লোৱাৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পৰহি তিনিচুকীয়া জিলাৰ ৰহবাৰী পৰ্যটন মেলাত গীত গাই থকা অৱস্থাত অসুস্থ হৈ পৰা শিল্পীগৰাকীৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল।
Assamese | January 14, 2025 7:47 PM | Rajib Saikia
কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য শদিয়াৰ টোপচিঙাত সম্পন্ন