দিল্লী বিধানসভা নির্বাচন কালি শান্তিপূর্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত নির্বাচন আয়োগ আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ষ্ট্ৰংৰূমত ৰখা হৈছে। ই ভি এমত ভাগ্য বন্দী হৈ থকা এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আতিশী, মনিষ ছিছ’দিয়া, বিজেপিৰ পাৰভেশ বাৰ্মা, বিজেন্দ্ৰৰ গুপ্তা, অৰবিন্দ সিং লাভলী আৰু ৰমেশ বিধুৰী, কংগ্ৰেছৰ দেবেন্দ্ৰ যাদৱ, সন্দিপ দীক্ষিত আৰু অলকা লাম্বা অন্যতম। কালি উত্তৰ-পূব দিল্লী জিলাত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ আৰু দক্ষিণ-পূব দিল্লীত সর্বনিম্ন ৫৬ দশমিক ৩-১ শতাংশ ভোটদান সম্পন্ন হয়। ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা শনিবাৰে ৭০ খন আসনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব।
Assamese | February 6, 2025 5:43 PM | Delhi Election
কটকটীয়া নিৰাপত্তাৰ মাজত দিল্লী বিধানসভা নির্বাচনৰ ইভিএমসমূহ ষ্ট্ৰং ৰূমত ৰখা হৈছে