জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ চালিপুৰত নির্বাচনী প্ৰচাৰ চলায়। শ্রীগান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পূৰ্বে তেওঁ কটক জিলাৰ সত্যভামাপুৰত উৎকল গৌৰৱ মধুসুধন দাসৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মানু সিংভিয়ে শাসনাধিস্থ বিজেপিক গণতন্ত্র প্রতিহত কৰা বুলি অভিযোগ উত্থাপন কৰে। আহমেদাবাদত আজি এখন সংবাদমেল সম্বোধন কৰি শ্রীসিংভিয়ে শেহতীয়াকৈ চুৰাট লোকসভা আসনখনত বিজেপিৰ জয়লাভক গণতান্ত্ৰিক প্ৰমূল্যৰ উলংঘন বুলি উল্লেখ কৰে। তেওঁ বিজেপিয়ে জন-ধন তথা শাসন ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কাইলৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব।
Assamese | April 28, 2024 8:29 PM | Rahul Gandhi
কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ