কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে চৰকাৰে পিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আৰ্থসামাজিক আৰু জাতিগত গণনা কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে। শ্ৰীত্রিবেদীয়ে কয় যে কংগ্ৰেছে সাংবিধানিক আৰু আইনী পৰিকাঠামোৰ বিষয়ে ভালকৈ বুজা উচিত। তেওঁ কয় যে কংগ্ৰেছে এই কথাটো ভালদৰে বুজা উচিত যে জাতিগত পিয়ল কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ বিষয়ে ৰাজ্য চৰকাৰৰ নহয়।
Assamese | June 17, 2025 8:04 PM | BJP Congress
কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিৰ অভিযোগ