বিজেপিয়ে আজি সমাগত লোকসভা নিৰ্বাচনৰ লগতে ওড়িশা বিধানসভা নির্বাচন আৰু তেলেংগানা তথা উত্তৰ প্ৰদেশৰ উপ-নির্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে। ওড়িশা বিধানসভাৰ বাবে বিজেপিয়ে ২১ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। দিলীপ ৰয়ে ৰুৰকেলা সঞ্জলী মুমুৱে বাংৰিপচি নৰচিং বাট্টাই জাৰিগাম আৰু অমৰেন্দ্ৰ দাসে জয়সিংপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পৰা উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ বাবে সাতজনীয়া প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে। মহাৰাষ্ট্ৰত চট্টপতি উদয়নৰাজে ভোচলেক চট্ট লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পঞ্জাৱত, পৰম্পল কৌৰ সিন্ধুৱে ভাটিণ্ডা, অনিতা সোম প্রকাশে হোদিয়াৰপুৰ লোকসভা আসনৰ বাবে প্রার্থিত আগবঢ়াব। ঠাকুৰ বিশ্বদীপ সিঙে ফিৰোজাবাদ আৰু শশাংক মণি ত্রিপাঠিয়ে উত্তৰ প্ৰদেশৰ দেওবৰীয়াৰ পৰা প্রার্থিত আগবঢ়াব। পশ্চিম বংগৰ দায়মণ্ড হাৰবাৰ লোকসভা আসনৰ বাবে অভিজিৎ দাসে প্রার্থিত আগবঢ়াব। আনহাতে, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ উপ-নির্বাচনৰ বাবে বিজেপিয়ে ৫ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। ৫° টি এন বমশা তিলকক তেলেংগানাৰ ছেকেণ্ডৰবাদ কেণ্টৰ পৰা টিকট দিয়া হৈছে। ইফালে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ইষ্ট সমষ্টিৰ পৰা অ’ পি শ্ৰীবাস্তৱ প্ৰতিদ্বন্দ্বিতা কৰিব।
Assamese | April 16, 2024 5:46 PM
ওড়িশা বিধানসভা নির্বাচন আৰু তেলেংগানা তথা উত্তৰ প্ৰদেশৰ উপ-নির্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ