ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ওড়িশাৰ ঝাৰসুগুদা জিলাৰ মহানদীত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই নাও দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হানি হোৱাৰ বাতৰিয়ে তেওঁক মর্মাহত কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই শোকাৱহ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও এই মর্মান্তিক ঘটনাটোত গভীৰ শোক ব্যক্ত কৰে। তেওঁ শোক সন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।
Assamese | April 20, 2024 8:20 PM | mahanadi
ওড়িশাৰ মহানদীত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি শোক প্ৰকাশ