বিদেশ মন্ত্রী এছ জয়শংকৰে আজি এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ কনিষ্ক বিমান দুৰ্ঘটনাৰ ৩৯ সংখ্যক বাৰ্ষিকীৰ দিনা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ১৯৮৫ চনৰ আজিৰ দিনটোতেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে এয়া সন্ত্ৰাসবাদৰ ইতিহাসৰ আটাইতকৈ শোকাবহ ঘটনা বুলি অভিহিত কৰিছে। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কৈছে যে এই ঘটনাই সন্ত্রাসবাদক কিয় সহ্য কৰিব নালাগে সেই কথা সোঁৱৰাই দিয়ে।
Assamese | June 23, 2024 8:57 PM | Dr. S Jaishankar
এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ ৩৯ সংখ্যক বাৰ্ষিকীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ শ্ৰদ্ধাৰ্ঘ্য