August 21, 2026 8:09 PM | FIH Hockey

printer

এফ আই এইছ হকী বিশ্বকাপৰ খেলত ভাৰতীয় মহিলা দলৰ বিৰুদ্ধে অৱতীর্ণ হ’ব নেডাৰলেণ্ডছ

অষ্টফেনত অনুষ্ঠিত এফ আই এইছ হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত আৰম্ভ হ’ব।

ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ অন্তিমখন খেল ড্র হোৱাত ভাৰতে দ্বিতীয় পর্যায়ত প্রবেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গল কৰাত ব্যর্থ হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।