এফ আই এইচ প্ৰ’ লীগ হকী প্ৰতিযোগিতাত যোৱা নিশা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতৰ পুৰুষ দলে আয়াৰলেণ্ডক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আয়াৰলেণ্ডৰ জেৰেমি ডানকানে ৮ মিনিটত দিয়া প্ৰথমটো গ’লেৰে শক্তিশালীভাৱে খেল আৰম্ভ কৰিছিল যদিও ভাৰতৰ মনদীপ সিঙে প্ৰথমটো গ’ল দি দলটোক সবল স্থিতিলৈ আনে। ভাৰতৰ হৈ জাৰমান প্রীত সিং আৰু সুখজিত সিঙে এটাকৈ গ’ল দিয়ে। দুয়োটা দল আজি একেখন ষ্টেডিয়ামতে আন এখন খেলত অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ভাৰত সম্প্ৰতি ৫ খন খেলৰ ৯ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে।
Assamese | February 22, 2025 12:02 PM | FIH Hockey
এফ আই এইচ প্ৰ’ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ হাতত আয়াৰলেণ্ড পৰাস্ত