July 10, 2025 12:19 PM | Nirmala Sitharaman

printer

এন বি এফ চি চিম্পোজিয়াম ২০২৫ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষণ

অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰাহক সুৰক্ষা,বিপদ ব্যৱস্থাপনাক একত্ৰিত কৰি প্ৰতিষ্ঠানৰ নৈতিকতা তথা মূল বৈশিষ্ট্যত অন্তর্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত এন বি এফ চি চিম্পোজিয়াম ২০২৫ ত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অনা বেংকীয় বিত্তীয় প্রতিষ্ঠানসমূহ পৰিপক্ক হোৱাৰ লগে লগে বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো গুৰুত্ব বৃদ্ধি পাব লাগে। শ্ৰী সীতাৰমণে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ লোৱা বিভিন্ন নিয়ন্ত্রণমূলক ব্যৱস্থাই ঋণৰ সম্ভাৱনা অধিক উন্নত কৰাৰ লগতে খণ্ডটোৰ বাবে সামগ্রিক পুঁজিৰ পৰিৱেশ শক্তিশালী কৰাৰো আশা কৰা হৈছে। ঋণৰ লেন দেনৰ জৰিয়তে অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকৰ মাজত সহযোগিতাৰ প্রয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বিত্তীয় অন্তৰ্ভুক্তিৰ নামত বিত্তীয় শোষণ গ্রহণযোগ্য নহয়। গ্ৰাহকৰ প্ৰকৃত প্রয়োজন আৰু ঋণ পৰিশোধৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি ঋণ প্ৰদান কৰিব লাগে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।