প্রধানমন্ত্রীয়ে আজি এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত দুখন জনসভা সম্বোধন কৰিব। ইয়াৰে প্ৰথমখন সভা গয়া লোকসভা সমষ্টিৰ গান্ধী মৈদানত আৰু দ্বিতীয়খন সভা পুর্নিয়াৰ ৰংভূমি মৈদানত আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো ঠাইতে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পাছত এয়া হ’ব শ্ৰী মোদীৰ তৃতীয়টো বিহাৰ ভ্ৰমণ। ইয়াৰ আগেয়ে চলিত মাহতে প্রধানমন্ত্ৰীগৰাকীয়ে জামুই আৰু নাৱাডা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল।
Assamese | April 16, 2024 11:25 AM
এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত জনসভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে