এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে আজি নৌসেনাৰ মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হৈছে। দায়িত্ব গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এডমিলে ত্রিপাঠীয়ে কয় যে ভাৰতীয় নৌসেনাই সমুদ্র পথেৰে হ’ব পৰা সম্ভাৱ্য যুদ্ধৰ বাবে সকলো সময়তে সাজু হৈ থকা উচিত। মুৰবৰীগৰাকীয়ে কয় যে তেওঁ নতুন প্রযুক্তিৰ ব্যৱহাৰ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ ভাৰতীয় নৌসেনাৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টা শক্তিশালী কৰি তুলিব। শ্রী ত্রিপাঠীয়ে পশ্চিম নৌসেনাৰ ‘ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি নৌসেনাৰ যুদ্ধজাহাজত ছিগনেল অফিচাৰ, যোগাযোগ আৰু ইলেকট্রিক যুদ্ধ বিশেষজ্ঞ হিচাপে ও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ভাৰতীয় নৌসেনাৰ জাহাজ ‘বিনাছ’, ‘কিচ’ আৰু ‘ত্ৰিশূল’ৰ কমাণ্ডাৰ আছিল। কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাৰ বাবে তেওঁ ইতিমধ্যে ‘বিশিষ্ট সেৱা পদক’ আৰু ‘নৌসেনা পদক’ লাভ কৰিছে।
Assamese | April 30, 2024 6:51 PM | Navy Chief Oath
এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ