এজন ব্যক্তিয়ে যদি নিজৰ জীৱনটো মানৱ সেৱা বিশেষকৈ দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে অনুপ্ৰেৰণা যোগোৱাই নহয় বৰঞ্চ এনে মহান কাম কৰিবলৈও বহুতক অনুপ্ৰেৰণা যোগাই বুলি গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰে। ৰাজস্থানৰ যোধপুৰত শ্ৰী পাৰ্চমল বহৰা মহাবিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এইদৰে কয়। সমাজ সেৱাৰ এটা ক্ষুদ্র প্রচেষ্টাই দিব্যাংগসকলৰ বাবে বৃহৎ পৰিৱৰ্তন আনিব পাৰে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দিব্যাংগসকলক সহানুভূতিৰ দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে ঈশ্বৰত্নৰ প্ৰতীক হিচাপেহে গন্য কৰা উচিত। সমাজ, চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনৰ উমৈহতীয়া প্ৰচেষ্টাত একোৱে অসম্ভৱ নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেৰা অলিম্পিকত ভাৰতে ৫২টা পদক লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, যে দিব্যাংগসকলৰ মনৰ শক্তিক অনুপ্ৰেৰণা যোগালে তেওঁলোকে যে যিকোনো কাম কৰিব পাৰে এই সাফল্য তাকেই সূচায় ৷
Assamese | September 21, 2025 7:55 PM | Amit sha
এজন ব্যক্তিয়ে যদি দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে এনে মহান কাম কৰিবলৈও অনুপ্ৰেৰণা যোগাব বুলি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য