এছিয়ান হকী চেম্পিয়নশ্বিপত ভাৰতৰ খিতাপ অৰ্জন

ভাৰতে এছিয়ান হকী চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। ভাৰতে যোৱা নিশা পঞ্জাৱৰ ম’হালিত অনুষ্ঠিত ফাইনেলত জাপানক ৪-১ গ’লত পৰাস্ত কৰি ষষ্ঠ বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। ইপিনে, মালয়েছিয়াই কালি অনুষ্ঠিত তৃতীয় স্থানৰ খেলত দক্ষিণ কোৰিয়াক ৫-২ গ’লত পৰাভূত কৰি ব্ৰঞ্জৰ পদক হস্তগত কৰে। চীনে প্রতিযোগিতাত পঞ্চম স্থান দখল কৰে।