ভাৰতীয় পুৰুষ দল আজি কাজাখস্তানৰ আষ্টানাত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ প্রতিযোগিতাৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতৰ শৰৎ কমলে ছিংগলছৰ প্ৰথমখন খেলত লীন য়ুন যুৰ হাতত পৰাভূত হোৱাৰ বিপৰীতে দ্বিতীয়খন ছিংগলছত মানৱ থাক্কৰ কাও চেং জুইৰ হাতত পৰাস্ত হয়। ভাৰতীয় পুৰুষ দলে ২০২১ আৰু ২০২৩ বৰ্ষতো এই প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
Assamese | October 10, 2024 8:46 PM | asian table tennis
এছিয়ান টেবুল টেনিছৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত ভাৰতীয় পুৰুষ দল