কেন্দ্রীয় কেবিনেটে আজি এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা সমিতিয়ে দেশৰ সাধাৰণ নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যসমূহতো একেসময়তে নির্বাচন অনুষ্ঠিত কৰা প্ৰস্তাৱ দাখিল কৰিছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে, ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিখনে নিৰ্বাচনৰ সৈতে জড়িত সকলো পক্ষ তথা ৰাজনৈতিক দল আৰু বিশেষজ্ঞৰ সৈতে মত বিনিময় কৰি প্ৰস্তাৱ দাখিল কৰিছিল। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱ দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে পতা হ’ব। নিৰ্বাচনৰ ১০০ দিনৰ পিছত দ্বিতীয় পৰ্যায়ত গাঁও পঞ্চায়ত, পৌৰ নিগম আদি স্থানীয় নিকায়সমূহৰ নিৰ্বাচন পতা হ’ব।
Assamese | September 18, 2024 7:32 PM | One Nation One Election
এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন