কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে ২১ জুনত সমগ্ৰ বিশ্বত পালন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে আজি নতুন দিল্লীত যোগ মহোৎসৱ, ২০২৫ মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ১০০ দিনৰ ভিতৰত দেশৰ বিভিন্ন অংশত ১০ টা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে ১০ খন সহযোগী ৰাষ্ট্ৰৰ সৈতে যোগ বন্ধন শীৰ্ষক যোগ বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে দেশৰ ১০ হাজাৰটা স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ সংগম কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে।
Assamese | March 13, 2025 3:14 PM | Yoga Day
একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে যোগ মহোৎসৱ, ২০২৫ মুকলি