এইবাৰৰ বাজেট ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট : দিলীপ শইকীয়া

বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি দাখিল কৰা বাজেটক শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলসমূহে এখন জনমুখী বাজেট বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধী দলে এয়া নতুনত্বহীন বাজেট বুলি প্রকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে।

বিজেপি মিত্রজোটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্রেষ্ঠ বাজেট বুলি অভিহিত কৰে।

ইফালে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। একেদৰে উপ বিৰোধী দলপতি ডাঃ জয় প্রকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে।