উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত সৰুপথাৰ আৱৰ্ত ভৱনত কালি অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত চলিবলগীয়া উচ্ছেদ অভিযানত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলা প্রশাসনে সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। বৈঠকত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চি আৰ পি এফৰ কামাণ্ডৰ আৰু সীমান্ত দণ্ডাধীশে অংশগ্ৰহণ কৰে। অসমৰ হৈ গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশ আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ইতিমধ্যে বন বিভাগে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি দখলকাৰীক ৭ দিনৰ ভিতৰত ঘৰ-বাৰী খালী কৰাৰ বাবে নিৰ্দেশ দিছে। ইয়াৰ পাছতে একাংশ ভূমি দখলকাৰীয়ে সেই স্থান ত্যাগ কৰিছে।
Assamese | July 23, 2025 1:29 PM | Assam and Nagaland conflict
উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত বৈঠক