মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি জনতা ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত উৎকোচ লোৱা অৱস্থাত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ পাৰ্থ হাজৰিকা নামৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। হাজৰিকাই বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা উৎকোচ দাবী কৰিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত লোকজনে বিভাগত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতেই বিভাগে লোকজনৰ পৰা ২৪ হাজাৰ ৫০০ টকা উৎকোচ লওঁতেই হাজৰিকাক গ্ৰেপ্তাৰ কৰে ।
Assamese | October 16, 2024 6:46 PM | CM Vigilance Cell
উৎকোচ লোৱাৰ অপৰাধত আবকাৰী বিভাগৰ অধীক্ষক কাৰ্যালয়ৰ এজন বিষয়াক গ্ৰেপ্তাৰ